এটি ৰুমি কবিতা
তোমালৈ ভালপোৱা
(পুলক জ্যোতি শৰ্মা)
তোমালৈ ভালপোৱা যাচিবলৈ সঙ্গী কৰোঁ নিস্তৱদ্ধতাক
নাইযে কোনো প্ৰত্যাখ্যান নিস্তৱদ্ধতাত
তোমালৈ ভালপোৱা যাচিবলৈ আশ্ৰয় লওঁ একাকীত্বৰ
তুমিযে মাথো মোৰ একাকীত্বত
তোমালৈ মৰম যাচিবলৈ ভাল পাওঁ দূৰণিৰ পৰাই
দূৰত্বই যে আৱৰি ৰাখে বেদনাক
তোমাক চুম্বন যাচিবলৈ বতাহজাককেই সাৰথি কৰি লওঁ
মোৰ ওঁঠযুৰিতকৈযে কোমল পৰশ বতাহজাকত
তোমাক আঁকোৱালি ধৰিবলৈ সপোনবোৰেই ভাল
মোৰ সেই সপোনযে অন্তহীন
A Rumi Poem
I choose to love you in silence
For in silence I find no rejection,
I choose to love you in loneliness
For in loneliness no one owns you but me,
I choose to adore you from a distance
For distance will shield me from pain,
I choose to kiss you in the wind
For the wind is gentler than my lips,
I choose to hold you in my dreams
For in my dreams, you have no end.
********